ক্ষণিকৰ ভাৱৰীয়া শূণ্য মঞ্চৰ
By Kalpana Sarmah
পুৱতীৰ সূৰুযলৈ চাই------
এটি নতুন দিনত উজ্বলি উঠে মন,
আদৰণি জনাই বাট বুলো নতুন আশা উদ্দিপনাৰে!
দুখোজ দিয়েই বেলি লহিয়াই হয় আবেলি!
বেলিটিয়ে বিদাই পৰত,
হেঙুলী ৰহণে বিষাদ সানে!
কিয় জানো মনত অলেখ প্ৰশ্ন জাগে!
মই কোন? তুমি কোন?
হয় জানো জীৱনত সকলো আপোন?
ইথাৰৰ শূণ্যতাত ভাঁহি ফুৰা অৰ্থহীণ শব্দবোৰ!
নাৰী-পুৰুষ! সৃষ্টি হয় অগনন
বীৰামহীণ সম্বন্ধৰ!
আই-পিতা,ভাই-ভনী,পেহা-পেহী,মামা-মামী
আৰু যে কত কিমান!
পাৰি জানো ৰাখিব ধৰি?
সময়ৰ লগে লগে হেৰায় আত্মীয়তা,
সোলোক-ধোলোক হয় হিয়াৰ বান্ধোন!
হেৰায় মহা শূণ্যতাত,
ক্ষণিকৰ ভাঁৱৰীয়া মাথোঁ শূণ্য মঞ্চৰ!!
By Kalpana Sarmah

Well written
Execellent composition by Kalpana Sarma
A unique symbolic poem .
Nice one💯
Short and sweet.