বিক্ষিপ্ত কলিজাৰ টুকুৰাবোৰ
By Kalpana Sarmah
বিক্ষিপ্ত কলিজাৰ টুকুৰাবোৰ
দূৰ দূৰণিলৈ পৰিছে চিটিকি
ৰ'দে বতাহে হয়তো আছে সঁজীৱহৈ!
নোৱাৰো যে আনিব পুণু
চপাই বুকুৰ মাজলৈ
খালি হৈ থকা ঠাইবোৰ
কিয়যে কৰে বাৰে বাৰে ইচাত্ বিচাত্
কলিজা বিহীন হৃদয় মোৰ
উদাস নিস্প্ৰাণ হৈ পৰে।
নোৱাৰো নিচুকাব উদাসী মন
তেজহীন প্ৰাণহীন মোৰ শুকাণ ওঠত
সঁজীৱতা আনো আজি কিদৰে?
ৰং হীণ ছন্দহীন জীৱন
হৈ পৰে কিয় বেসুৰা!
তথাপিও সহি সহি থাকি
সেই যন্ত্ৰনাৰ পোৰণি পাহৰি
বিক্ষিপ্ত সেই কলিজাৰ টুকুৰাবোৰৰ
স্মৃতিৰ মধুৰ ক্ষণ সুঁৱৰি!
By Kalpana Sarmah

Very thought provoking
Unique , Kalpana Sarma
Lovely 😍
Bahut dhunia likhise pehi
The extreme pain and loneliness felt by the poet has been depicted using powerful imagery . Herein lies the beauty of the poem