Pandemic:From The Other Side
- Hashtag Kalakar
- Mar 11, 2023
- 3 min read
By Dharitri Bora
धरम का विवाद नहीं,व्यस्तता नहीं,कोलाहल नहीं,ऐसा लगा जैसे कही कोई समस्या नहीं,यही है मृत्यु का भय, मृत्यु का भय ने तो परीक्षित जैसा शक्तिशाली राजा को भी भयभीत कर दिया था , मृत्यु के उसी भय ने सर्वश्रेष्ठ जीवों को अपने घरों में कैद रहने के लिए मजबूर कर दिया है।कारन हे एक वायरस ,यह वायरस अमीर और गरीब देख के करुणा नहीं करता। इसीलिए शायद दुर्घटना से हर साल जब लाखो लोग मरते थे , लाखो लोग भूख से मरते थे, हमें अन्न देने वाले हज़ारो गरीब किसान अपने जान देते थे , तब शायद मृत्यु का भय ने सबको इतना डराया , जितना अब सबलोगो को डराया था , लाखो लोग बेरोज़गार हुए ,कोइए ने जान खोये , दुनिया रुक गए , इसी को कहते हैं जान की प्यार।
ये महामारी भले ही इंसान के लिए समस्या हो ,पर प्रकृति के लिए बने बरदान स्वरुप . न हवाई जहाज, न ट्रेन, न कार, न ध्वनि प्रदूषण, न वायु प्रदूषण, मानो इस दुनिया ने लंबे समय के बाद सांस ली हो .बहुत दिनों बाद शायद चिड़ियों की चहक से शहर के लोगों की नींद खुली होगी ,दुनिया में इंसान क्या घरों में कैद हुए , जीब जानवर बाहर निकले ,जो कभी उनका घर हुआ करते थे, आज इंसानों ने बड़ी-बड़ी इमारतें बना लीं, नोएडा में दिखी नील गाय, ,गंगा में दिखीं डॉल्फ़िन, गंगा नदी की पानी साफ़ करना एक समस्या बन गए थे ,वही गंगा नदी का पानी पीने के लिए हुआ साफ, पंजाब से एक दशक बाद दिखाई दिया हिमालय, बस चंद दिनों के लिए क्या रुका इंसान , पूरी दुनिया में कितना कुछ बदल गया .
इन बातों ने मुझे सिर्फ एक बात सोचने पर मजबूर कर दिया, क्या हम प्राणियों में सर्वश्रेष्ठ हैं ?क्या हम ही नहीं हैं बाकी जीबो के लिए , इस प्रकृति के लिए सबसे खतरनाक वायरस ?
Original : Assamese
ধৰ্মৰ বিবাদ নাই, ব্যস্ততা নাই ,কোলাহল নাই কতো যেন একোৱেই সমস্যা নাই । এয়াই মৃত্যু ভয় । মৃত্যু ভয়ে যেতিয়া মানুহক খেদে পৰীক্ষিতৰ দৰে মহা পৰাক্ৰমী ৰজাও ত্ৰাসিত হৈ পৰে ।
সেই মৃত্যু ভয়ৰ ত্ৰাসতে গৃহ বন্দী হবলৈ বাধ্য হল জীৱ শ্ৰেষ্ট মানৱ ।। কি ৰজাঘৰ কি প্ৰজাঘৰ , কাৰণ এই কৰনাই যে ধনী দুখীয়া চাই কৰুণা নকৰে । সেয়েহে চাগৈ দুৰ্ঘটনাত বছৰি শ শ লোকে প্ৰাণ হেৰুৱালেও , ভোকৰ বাবেই বছৰি লাখ লাখ লোক মৃত্যু বৰণ কৰিলেও,আমাক অন্ন দিয়া হাজাৰ হাজাৰ কৃষকে আত্মহত্যা কৰিলেও , কাৰোৰে মৃত্যুলৈ সিমান ভয় লগা নাছিল,যিমান এতিয়া লাগিছিল।বন্ধ হৈ বহুতো উদ্যোগ,নিবনুৱা সমস্যাই জুৰুলা কৰা দেশখনত সৃষ্টি হৈছে লাখ লাখ নিবনুৱাৰ । সদাব্যস্ত পৃথিৱীখন স্তব্ধ হৈ পৰিল , প্ৰাণৰ মায়া যে ইয়াকে কয় ।
এই সকলো সমস্যাই মানুহক কোঙা কৰি পেলালেও কিন্তু এই মহামাৰী প্ৰকৃতিৰ বাবে হৈ পৰিল বৰদান স্বৰূপ । মানুহৰ গৃহবন্দীত্বই পৃথিৱী খনক যেন কিছু সকাহ দিলে ।উৰাজাহাজ নাই ,ৰেল চলাচল বন্ধ,যান বাহন হীন বাট পথে হ্ৰাস কৰিছিল শব্দ প্ৰদূষণ ,বায়ু প্ৰদূষণ ।পৃথিৱীখনে যেন উশাহ ললে । বহু যুগৰ পাচত হয়তো নগৰ মহানগৰৰ মানুহে পুৱাৰ কোলাহলত নহয় মানুহে হাৰ পালে পখীৰ কাকলিত ।
যিবোৰ এটা সময়ত জীৱ কূলৰ বিচৰণ ভূমি আছিল ,সেই ঠাই সমূহলৈ ওলাই অহা দেখা গল । নয়দাত দেখা গল নীলগাই,গংগাত শিশু। পবিত্ৰ গংগাৰ পানীৰ বিশুদ্ধিকৰণৰ সমস্যা সমাধাণৰ বাবে বিভিন্ন পদক্ষেপ লৈয়ো সফল হব পৰা নাছিল চৰকাৰ ।কিন্তু মাথো কিছু দিনতে গংগাই সলাই পেলালে ৰূপ , গা ধুবলৈও অনুপযুক্ত হৈ পৰা গংগাৰ পানী এতিয়া খাবলৈও উপযুক্ত বুলি প্ৰমাণিত হল। কেইবাদশকৰ পাছত পঞ্জাৱৰ পৰা হিমালয় দেখা পোৱা গল ।
এই সকলোবোৰ ঘটনাই প্ৰশ্ন মানৱ জাতিৰ প্ৰতি এৰি গল প্ৰকৃততে হয়নে আমি জীৱ শ্ৰেষ্ঠ, কেৱল মাত্ৰ কিছু দিনৰ বাবে মানুহ স্তব্ধ হৈ পৰাৰ বাবেই কিমান সকাহ পালে জীৱ কূলে । সিঁহতৰ দৃষ্টিত আমিয়ে নহয়নে সেই বিষাক্ত ভাইৰাচ বিধ ।
By Dharitri Bora

Comments