top of page

দহণ

By Kalpana Sarmah


আজি  আহাৰৰ শেষ সপ্তাহ চলিছে। জুইৰ দৰে ৰ'দটোৱে চকু চাত মাৰি ধৰিছে!  দিনটোত বিজুলী সৰবৰাহৰ  কেইবাৰ যে অহা যোৱা। দেহ-মন যেন পুৰিহে নিব মলয়াৰ! এৰা, তাইৰ নামটো  আজি এই পৰিৱেশত যেন খাপ খোৱা নাই। খোলা খিৰিকিৰে গৰম বতাহ চাটিয়েহে চুই গ'ল! ডায়েৰিখন লিখিব খুজিও  আগুৱাব পৰা নাই ।কামটো অৱশ্যে তাইৰ বৰ প্ৰিয়ও নহয় । কিমানখন ডায়েৰি  দুই-এশাৰি লিখাৰ পিচতে। বজাৰৰ হিচাপ লিখা বহিহে হয়গৈ। এইবাৰ পিচে প্ৰনৱে  বিশেষ ডায়েৰি বহিটৈ দি তাইক ক'লে "মিলু, এইবাৰ ডায়েৰিটো কিন্তু সৎ ব্যৱহাৰ কৰিবা দেই। মই  অফিচৰ টুৰলৈ গ'লে  তোমাৰ ভাল লগা কথাবোৰ  লিখি ৰাখিবাচোন। কেতিয়াবা মোকো দেখুৱাবা আকৌ। "

ইস্‌, ডায়েৰি আনক দেখুাবলৈ নিলিখে নহয়!

"অ--- মই এতিয়া তোমাৰ আন কোনোবাহে?"

আন নহ'লেও পাৰ্চনেল লাইফ এটা নিশ্চয় সকলোৰে থাকে! 

হে ভগৱান! ডায়েৰিত মই এইবোৰহে লিখিলো নেকি? মলয়াই  এ-চি টো অন কৰি বিচনাতে পেক টেবুলখন লগাইলৈ ভালকৈ বহি ললে। পিচে দুচকু চোন মুদ খাই আহিছে! তাতে আজি বৃহস্পতি বাৰ। তাই ৰাতিপুৱাৰ দৈনন্দিন  পূজা-পাঠ কৰি  ব্ৰেকফাষ্ট  কৰি আজৰিহৈ  একলম লিখিঁবলৈ বহিছিল। পিচে দুটা আখৰ লিখিবলৈ  আৰম্ভ  কৰোতই ভাৱ হ'ল -----কিয় বাৰু মনলৈ একো নহা হ'ল! ইমানেই স্থৱিৰ আৰু উকা হৈ পৰিলনে  ভাৱবোৰ! নাই  এনেকৈ নহ'ব আৰু!

         আজি প্ৰনৱ অহাৰ কথা   দিল্লীৰ পৰা। তেওঁ হেনো কিছুদিন চুটি লৈছে গৰমৰ বাবে। ল'ৰা-ছোৱালী হালেও দেউতাকক লগ পাবলৈ  আত্মহাৰা হৈ আছে।তেনেতে মমিয়ে আহি ক'লে " মা, আজি পাপা আহিব নহয়,আমি কিন্তু পাপা থকা কেইদিন বহুত ফুৰিম দেই।"  কাষতে আহি সৰুটো ল'ৰা টুমনে ক'লে" মোলৈ কিন্তু  পাপাই ধুনীয়া খেলাবস্তু আনিব।কি যে মজা  লাগিব। আজি কি স্পেচিয়েল বনাবা মা?"

     সিহঁতৰ কথাবোৰ শুনি ডায়েৰি সামৰি  থলে তাই। 

বাহিৰত মাছ বেপাৰীৰ চিঞঁৰ-------

কি  মাছ আনিছা আলী?

"এয়া  চাই লওঁক বাইদেউ,---এক্কেবাৰে টাজা ভকুৱা মাছ   বিলৰ !"

দৰদাম কৰি তাই  মাছ ৰাখিলে।  এৰা, প্ৰনৱৰ  মাছৰ কালীয়া  বৰ পচণ্ড। তাতে ইহঁত দুটায়ো বৰ ভালপায়। মমি আৰু টুমনক  গাখীৰত  ক'কো পাউদাৰ মিহলাই  খাবলৈ দি মলয়া পাগঘৰলৈ  গৈ ৰন্ধা -বঢ়াত লাগিল।আঞ্জা তৰকাবি ৰান্ধি চাউল ধুবলৈ লওঁতেই  কলিং বেল বজাত  দুৱাৰ খুলিবলৈ গ'ল। ইপিনে মমিহঁতে  পাপা আহি গল বুলি    চিঞঁৰ লগালে! মনৰ মাজত  লুকাই থকা  অভিমান-বিৰহ পাহৰি  কিবা এক আনন্দত মন  পুলকিত হৈ উজ্বলি উঠিল! কিন্তু -- -- ---  --

প্ৰনৱৰ লগত এয়া কোন? এজনী মৰম লগা  ১৪-১৫ বছৰীয়া  কিশোৰী! 

প্ৰনৱে ক'লে " তোমালোকক মই   ৰ্চাপ্ৰাইজ দিবলৈহে  একো জনোৱা নাছিলোঁ! এয়া ত্ৰিদিবদাৰ ছোৱালী মুন্নী! গৰমৰ বন্ধত তাই অসম চাবলৈ বৰকৈ ইচ্ছা কৰাত  ত্ৰিদিপদা আৰু তণয়াই মোৰ লগতে পঠিয়াই দেলে।

আচৰিত হৈ মলয়াই কৈ  উঠিল " কি ? ত্ৰিদিপ দাৰ ছোৱালী? তেওঁ লোকৰ ছোৱালী হোৱা  আমিতো গমেই পোৱা নাই! তোমাৰ ইমান ভাল বন্ধু যদিও গম নাপালা?"

এৰা মিলু,তুমি কিয়  ময়েই  জনা নাছিলোঁ! ত্ৰিদিপদাই আমাতকৈ বহু আগতেই  ,অৰ্থাত মোতকৈ প্ৰায় চাৰি বছৰমান আগতেই বিয়া  পাতিছিল  আৰু মোৰ বিয়াৰ ঠিক দুই-তিনিমাহমান আগতেই  মাদ্ৰাজলৈ বদলি হৈছিল। মোৰ  বিয়ালৈও আহিব পৰা নাছিল। ময়ো বিশেষ যোগাযোগ ৰখা নাছিলোঁ।"

হয়তো আকৌ ময়ো ত্ৰিপদাক  ফটোতহে  দেখা আৰু তোমাৰ মুখতে শুনা! বাৰু এতিয়া তোমালোক ফ্ৰেছ হৈ লোৱা  ,মোৰ ভাত ৰেডি।গৰমত কিবা জু'চ লোৱা যদি লোৱা,মুন্নীকো কিবাএটা দিওঁ ৰ'বা। বৰ মৰম লগা ছোৱালী। 

ইতিমধ্যে মমি আৰু  টুমনে  মুন্নী বা'কক লৈ ব্যস্ত হৈ পৰিছে। বায়েকেও সিহঁতক বিবিধ  খেলনা গিফ্‌ট উলিয়াই দিছে। কিয় জানো মুন্নীলৈ মলয়াৰ এক অহেতুক  মায়া ওপজিল! মৰম লগা ছোৱালী জনীয়ে আহিয়ে তাইক আণ্টি বুলি  সেঁৱা কৰিলে। কিন্তু এটা কথাই  মলয়াৰ মনত বৰকৈ খুন্দিয়াইছিল! তাইৰ বাৰু প্ৰনৱৰ লগত চেহেৰাৰ ইমান মিল কিয়?

            আনন্দেৰে তিনিওটা ল'ৰা -ছোৱালীয়ে  দুপৰীয়াৰ ভাত-পানী খাই  প্ৰকাণ্ড বিচনাখনত  বাগৰি নানা কথা পতাৰ লগতে  কি কি ঠাইত  বায়েকক লৈ ফুৰিব তাৰে আলোচনাত ব্যস্ত হৈ পৰিল।

            আনটো কোঠাত  মলয়া প্ৰনৱৰ লগত  একাত্ম হৈ পৰিল।  প্ৰনৱ কিয় জানো  আজি  বৰ আবেগিক হৈ পৰিছে! মলয়াক দুবাহুৰে সাৱটি চল্‌চলীয়া চকুৰে  ক'বলৈ নৰিলে" মিলু,মই তোমাৰ পৰা বৰ ডাঙৰ কথাএটা লুকুৱাইছোঁ!  তোমাকতো মই  নিজতকৈও বহুত ভাল পাও মিলু! কিন্তু কৰবাত যেন কিবাএটা ডাঙৰ ভুল হৈ গ'ল ! কথাটো মই প্ৰায়  পাহৰিছিলোৱে! কিন্তু সিদিনা কথাটৈ জানিব পাৰি  ভৰিৰ ত লৰ মাটি হেৰোৱা  যেন 

লাগিছে! যিটো আমাৰ বিয়াৰ আগৰ কথা আছিল। মলয়া যেন অতীস্থ  হৈ পৰিল! প্ৰনৱৰ চকুত চকুলো দেখি তাই সহিব নোৱাৰি ক'লে " কোৱা প্ৰনৱ, মই সকলো সহজ  ভাবেই লবলৈ চেষ্টা কৰিম। কি হৈছিল কোৱা !"

"তুমি সঁচাকৈয়ে মোক ক্ষমা কৰিব পাৰিবানে  ?"

মই তোমাক কথা দিছোঁ প্ৰনৱ, তুমি মাথোঁ কৈ যোৱা।"

" জানা মিলু, তোমাৰ সতে মোৰ বিয়াৰ ঠিক  চাৰিমাহ মান আগতে  ত্ৰিদিপদা   অফিচৰ কামত  টুৰলৈ  পুণে গৈছিল কেইদিনমানৰ বাবে। তেতিয়া এদিন  মোক তণয়া বৌৱে  মোক বৰ জৰুৰীকৈ মাতি পঠিয়ালে আৰু ক'লে  "প্ৰনৱ , তুমি আজি আমাৰ ঘৰতে থাকি যোৱা। মোক ত্ৰিদিপে কৈয়ে গৈছে যে  ' তোমাৰ  ভয় লাগিলে  কেতিয়াবা প্ৰনৱক  মাতি দিবা। সি মোৰ খুব ভাল বন্ধু।"

 আৰু সেইদিনা  তেওঁ মোক ক'লে  " প্ৰনৱ ,তুমি কিন্তু  আজি মোৰ এটা  অনুৰোধ ৰাখিব লাগিব। আমাৰ বিয়া হোৱা  প্ৰায় চাৰি বছৰেই  হ'ল! মই বিচাৰোঁ  তুমি  মোক  এই সুখৰ পৰা বঞ্চিত নকৰা! মই তোমাক কাবৌ  কৰিছোঁ! ইয়াৰ পাচতে ত্ৰিদিপ  মাদ্ৰাজলৈ বদলিৰ অৰ্দাৰ  হৈছে।আমি হয়তো ইয়াৰ পৰা যামগৈ। তোমাক কেতিয়া লগ পাওঁ নাজানো।

        তণয়াৰ প্ৰস্তাৱত মই হতভম্ব হৈ পৰিছিলো! সেই সময়ত মোৰ মা-দেউতাহঁতে  মোৰ বিয়া কথা-বতৰা আলোচনা কৰি আছে।মই বৰ শঙ্কিত হৈ পৰিলোঁ। নানা দুবিধাত  বিবেকৰ সতে  বহু সংৰ্হষৰ পিচত   ভগৱানে কিয় জানো  তণয়াৰ  প্ৰস্তাৱ মানি লবলৈ বাধ্য কৰালে! জানা মিলু, তোমাক  বিয়াৰ পিচত বহু চেচষ্টা কৰিও  তোমাৰ সৰল মুখলৈ চাই মোৰ  সেই কথা  ক'বলৈ সাহস হোৱা নাছিল। কিন্তু মই  সেই দিনাই  নাৰীৰ  সেই চৰম  স্বৰ্গসুখ উপলব্ধি  কৰিছিলোঁ! তণয়াই মোৰ সৰ্বশৰীৰ চুমাৰে  ওপচাই দিছিল। যেন  এটা।স্বপ্নহে আছিল! সময়ত ময়ো পাহৰি  গৈছিলো। ত্ৰিদীপদা হঁত মাদ্ৰাজলৈ যোৱা বুলি শুনিছিলোঁ।

     মলয়াৰ হাতৰ বান্ধোন যেন শিঠিল হৈ গৈছিল। তাইৰ ভাৱ হৈছিল  তাইৰ চকুৰ দৃষ্টি তেন্তে ভুল হোৱা নাছিল!

    শীতল শান্ত মনোভাৱেৰে তাই প্ৰনৱক সুধিছিল  "প্ৰনৱ,  এই মুন্নী তাৰমানে তোমাৰেই  সন্তান?" প্ৰনৱে তাইৰ মুখত হাতেৰে সোপা দি কৈছিল " তাইৰ গা'ত একো  দোষ নাই মিলু! তাইতো নাজানে যে তাইৰ প্ৰনৱ আঙ্কোলৰ স'তে তাইৰ সম্বন্ধ কি! সেয়া কেতিয়াও নাজানিবই।  

     আজি প্ৰায়  নও বছৰ  পিচত  কেই  মাহমান আগতে  প্ৰগতি ময়দানত  ত্ৰিদীপ দাই মোক হঠাতে লগ পাই  ক'লে " আৰে   প্ৰনৱ তই ? তই দিল্লীতেই আছ? আমি আকৌ  দিল্লীলৈ আহিলো নহয়! প্ৰায় ছমাহেই হ'ল অহা। বৰ ভাল হ'ল তোক লগ পাই। অহা কালি আমাৰ  ছোৱালী মুন্নী ,মানে মৌচুমীৰ  চৌদ্ধ বছৰীয়া জন্মদিন।       মই আগৰ ঠাইতে নয়দাৰ  এটা  নিজা ফ্লেটত  আছোঁ। তই কিন্তু আহিবই  লাগিব দেই। ফোন নং ল।  ঠিকনা ভালকৈ জানি লবি।আহিবি কিন্তু  যেনে তেনে! এতিয়া আহোঁ।"

        ত্ৰিদীপ দা আঁতৰি যোৱাৰ  পিচ  মুহূৰ্ততে  দাদাই  সেই তেতিয়াই কোৱা কথা এষাৰলৈ মনত পৰি গৈছিল ।

সন্ধিয়া এদিন ৰেস্তুৰেণ্ট এখনত  আমি দুয়ো অলপ বহিছিলোঁ। অলপ ড্ৰিংক্স  কৰাৰ পিচতে তেওঁ মোৰ হাতত ধৰি কৈ উঠিছিল -া-" মোৰ সন্তান জন্ম দিব পৰা ক্ষমতাই নাই অ' প্ৰনৱ! তণয়াক যে মই কেনেকৈ বুজাম!  তোক মোৰ বৰ  আপোন যেন লাগে অ' প্ৰনৱ! সেয়েহে  ক'লোঁ!"

     ত্ৰিদীপদাৰ  পোন্ধৰ বছৰ আগেয়ে কোৱা কথাখানি মনত পৰিল!

কিছুসময় মলয়া  শিল পৰা কপৌৰ দৰে স্তব্ধ হৈ পৰিছিল!

ঠিক তেনে সময়তে  মমি দৌৰি আহি ক'লে " মা চোৱচোন, মুন্নী বা'য়ে আমালৈ কিমান যে ধুনীয়া গিফ্‌ট আনিছে! কোঠালীৰ  দুৱাৰ মুখত ৰৈ থকা  মুন্নীলৈ মলয়াৰ কি জানো এক মায়া লাগিল! এৰা, তাইৰ।দেহতটো প্ৰনৱৰে ৰক্ত প্ৰৱাহিত হৈ আছে! মুন্নীক তাই  হেঁপাহেৰে আঁকোৱালি  সাৱটি ধৰিলে।

 '  মলয়া আণ্টি' বুলি তায়ো মলয়াক সাৱটি ধৰি ক'লে     "  আপোনাক মোৰ মাৰ দৰেই লাগিছে  আণ্টি, মমি ভণ্টি আৰু  টুমন ভাইটিৰ দৰে মৰম লগা  ভাই-ভনীক মই  অসমলৈ নহা হ'লে ক'ত পালো হেতেন? " 

গৰমত পিন্ধা  চুটি হাতৰ ফ্ৰকটোৰে  উদং  বাওঁহাতৰ কান্ধৰ তিলটো! ঠিক প্ৰনৱৰ  বাউসীৰ  তিলটোৰ দৰেই জিলিকিছে! জন্ম দাত্ৰী আন হ'লেও মুন্নীও তাইৰ সন্তান যেনেই ভাৱ হ'ল  আৰু প্ৰফুল্ল মনেৰে  প্ৰনৱক ক'লে          " আজি ভাগৰি আছা যেতিয়া  ভালকৈ ৰেষ্ট লোৱা। কালিলৈ ওলাবা এবাৰ, মুন্নীলৈ কেই যোৰ মান  ধুনীয়া ড্ৰেছ কিনি আনিম। এতিয়া এবাৰ তণয়া বৌলৈ ফোন লগোৱা,মই কথা পাতিম । প্ৰনৱে আচৰিৰিত হৈ মলয়ালৈ চাই ক'লে "তুমি ফোন কৰিবা মিলু?"

      ইতিমধ্যে নম্বৰ লগাই দিয়াত  মলয়াই '" হেল্ল' তণয়া বৌ, কি খবৰ ভালে আছে নহয়? মোক চাগে চিনি পোৱা নাই নহয়নে? মুন্নীয়ে ভাই-ভনীহঁতক পাই  বৰ ষ্ফুৰ্তি পাইছে। আমি পিচে মুন্নীক নপঠিয়াও দেই। ত্ৰিদীপদা আৰু তুমি আহিলেহে  মুন্নীক নিব পাৰিবা। গৰম হ'লেও গুৱাহাটীলৈ আহি  অলপ লগ হৈ ফুৰিম  আহা। বৰ ভাল লাগিব বহুদিনৰ পিচত পুণৰ লগপালে! আটাইবোৰে লগহৈ  ঘূৰিম  ,ষ্ফুৰ্তি কৰিম! "

     প্ৰনৱে অবাক হৈ  মৰমেৰে চাই ৰ'ল মলয়ালৈ! যেন এছাটি  জুৰ  মলয়া  বতাহহে  বৈ গ'ল!!


*****************


By Kalpana Sarmah


Recent Posts

See All
Unread

By Roshan Tara “You’ve never written me a love letter,” she teased, eyes bright. “Like in old movies. Handwritten. Just once—for my birthday.” He promised. But fate was faster than his pen. She never

 
 
 
Teaming Up and Escaping From Kidnap

By Hemasri Nithya Chodagiri “I don’t know how I got myself here”. “I'm an ordinary orphan and my name is Henry”. “My dad raised me until I was 10 but after that my dad died in a museum fire and my mom

 
 
 
The First Sight

By Gaayathri Arasakumar “ Senapathi , move forward, come what may! Let no Deva  or man stop us!” I bellowed over the chaos of the battlefield. Perhaps, Mallan had not heard my cry over the maddening t

 
 
 

50 Comments

Rated 0 out of 5 stars.
No ratings yet

Add a rating
gu.barnalisarma
Dec 19, 2025
Rated 5 out of 5 stars.

Enjoyed reading

Like

Rated 5 out of 5 stars.

Such a beautiful story

Congratulations, Kalpana Sarma

Like

Anan Devi Goswami
Anan Devi Goswami
Dec 10, 2025
Rated 5 out of 5 stars.

Porhi bhal lagil pehi

Like

Prabalika Sarma
Prabalika Sarma
Dec 09, 2025
Rated 5 out of 5 stars.

A really interesting short story, written in a lucid style and ending it just as a short story should. I👍 liked the way it was narrated.

Like

Dipak Sarmah
Dipak Sarmah
Dec 08, 2025
Rated 5 out of 5 stars.

Very nice. Congratulations.

Like
bottom of page