আশা
By Manisha Keshab
মনত আছেনে
দিন, বছৰ , যুগৰ পিছতো
তোমালৈকে বাট চাই আছিলোঁ।।
বহুতৰ বহু উপদেশ
বহু সমবেদনা
তথাপিও আশাৰ চাকি জ্বলাই
বাট চাইছিলোঁ তোমালৈকে।।
উজাগৰী নিশা
অশ্ৰুসিক্ত নয়ন
তথাপিও আশাৰ ৰেঙণিয়ে
ফেৰেঙণি ফালি মোক জীয়াই ৰাখিছিল
তুমি আহিবা বুলি।।
জানিছিলোঁ কেতিয়াও তুমি ঘূৰি নাহিবা বুলি
চিৰদিন অব্যাহত থাকিব তোমাৰ এই
অবিৰত যাত্ৰা
কিন্তু কেনেকৈ বুজাওঁ মোৰ মনটোক
যিয়ে কেৱল জীয়াই আছে তোমাক এবাৰ চাবলৈ।
By Manisha Keshab

Comments