top of page

নিৰ্ণয় সততাৰ

Aug 16, 2025
1 min read

By Kalpana Sarmah


 দিনটো হাজিৰা কাম কৰি ৰং মিস্ত্ৰী দিজেনে ঘামিজামি দমকলৰ পাৰতে গা'টো ধুই ললে। উস্‌ -- কোনোমতেহে  দেহাটো শাঁত পৰিছে। শাঁওন মহীয়া  প্ৰচণ্ড ৰ'দত  বিষ্ণু নগৰৰ  দুৱৰাৰ ঘৰৰ বাউণ্ডাৰী ওৱালত ৰং দিয়াৰ ঠিকা লৈছে।

  কেইবছৰমান আগতে ইঞ্জিনীয়াৰ  প্ৰবোধ দুৱৰা ঢুকুৱাৰ পিচত দুৱৰানী লিপিয়েই সকলো সম্ভালে!  চাকৰি সূত্ৰে ল'ৰা-ছোৱালী বাহিৰতে থাকে। 

 লিপিয়ে দিজেনক কৈছিল যে দুই-তিনিজন লেৱাৰ লগাই কামটো সোনকালে শেষ কৰাতো ভাল। নহ'লে যিহে জুই হেন ৰ'দ, কেইবা দিনো অকলে কৰিলে দিজেনৰে কষ্ট!

      পিচে দিজেনেহে ক'লে " বাইদেউ,বেচিকৈ লেৱাৰ লগাই কাম শেষ কৰিব পাৰোঁ, পিচে তেনে কাম মোৰহে পচণ্ড নহয়! দুদিন দেৰি হ'লেও মই গমি পিতি  চাইহে কাম কৰি ভাল পাওঁ । প্ৰত্যেকে জানো  মোৰ দৰে  ভাবি গুনি কৰিব? মাজে সময়ে মোাইল চাব, চাধা মাৰিব ; তেনেকৈয়ে সময় কিছু যাব। তাতে আকৌ ভাত খাবলৈ যোৱা।আহি আকৌ অলপ জিৰণি  লোৱা! মুঠতে বহুতও কথা । কাকো একো  কবও নোৱাৰি, হাজিৰাও পুৰাকৈ লব। ইপিনে কামো ভাল নহ'ব!

    তাতকৈ মই নিজে  অকলেই  সুন্দৰকৈ কৰি যাম।  বিশেষ খবৰ নহ'লে  মোৱাইলো ব্যৱহাৰ নকৰোঁ। আহোতে টিফিন লৈ  আহোঁ  আৰু নিজৰ মতে সকলো কৰি যাম।

 দিজেনৰ যুক্তি ভাল লাগিল লিপিৰ। অকলেই নীৰৱে কামকৰি গৈছে দিজেনে। প্ৰয়োজনত  ওৱালত লাগি থকা গছৰ ঠাল ঠেঙুলিবোৰ নিজেই কাটি লৈছে। মাজতে লিপিয়ে  মালপোৱা আৰু  বিস্কুটেৰে  চাহ একাপ দিলেগৈ। 

"এহ্‌, বাইদেউ আপুনি গৰমখনত কেলেই কষ্ট কৰিছেগৈ,মই বেগত টিফিন আনিছোৱে নহয়!"

      একো নহয় দিয়া , টিফিন অলপ দেৰিকৈ খালেই হ'ল। 

 "তাকেই কৰিম বাইদেউ।"

 দুপৰীয়া দেৰিকৈ ভাতৰ টিফিন খাওঁতে  লিপিয়ে ক'লে " তুমি বাৰান্দাতে ফেনখন দি খোৱা।বাহিৰত বৰ গৰম!" 

 ষ্টিলৰ টিফিনত  দাইল ভাত আৰু ভাজি। তেওঁ সুধিলে -

"আচাৰ খোৱানে তুমি?" 

পালে  খাওঁ বাইদেউ"।

তেওঁ ভিতৰলৈ গৈ আমৰ আছাৰ অলপ আনি দিলে।

খাই উঠি ক'লে " বাইদেউ,মজা লাগিল খাই!"


  গা ধুই এইবোৰকে চিন্তা কৰি থাকোতে  দিজেনে  শুনিবলৈ পালে ঘৈনীয়েক দীপিকাই  অলপ ডাঙৰকৈ  কাৰোবাৰ  লগত মোৱাইলত যেন অলপ খঙেৰে কথা পাতিছে!  -------"মা  কেনে আছ?  মোক লগি মনত পৰিল না তোৰ?  কি? মই যাবা লাগে? সিখান  ঘৰক আৰ  মই  নাযাওঁ দে; মোৰ অলপো মন নাই কাৰো মুখ চাবা। বিশেষ কৰি তোৰ ডাঙাৰ ছলি দুটাক!"

দিজেনে   মোৱাইলটো আজুৰি আনি ক'লে  "মা আপুনি বেয়া নেপাব , দীপিকাই খঙতে  তেনেকৈ কৈছে। আপুনি কোনো চিন্তা নকৰিব।  দুদিন পিচতে মই  দীপিকাক মইনাৰ   সৈতে পঠিয়াই  দিম। দৰকাৰ হ'লে।আপোনাক লৈ আহিব।  কিবা গা বেয়া হ'লে  ডাক্তৰক দেখুৱাম মা। চিন্তা কৰিব নেলাগে। ছোৱালীয়ে আপোনাক খঙতেই কৈছে!"

   " হেৰি আপ্‌নি মাক  তেন্‌কে  কিয় আশা দিলাক?" বুলি ঘৈনীয়েকে দিজেনক সোধাত দিজেনে ক'লে " ।

হেৰা, সেয়া তোমাৰ জন্মদাত্ৰী মা। তেনেকৈ  মনত আঘাত দিব পাইনে? পৰহিলৈ  তুমি ধুনুক লৈ  দুদিন থাকি  মাক লৈ আহিবা। সকলো মাকেই ল'ৰা-ছোৱালীক মৰম কৰে। কোনোবা সন্তানে তাক নুবুজি  আঁতৰি থাকিলে বুলিয়ে তুমিও তাকেই কৰিবানে? ময়োতো তেওঁৰ ল'ৰাৰ লেখিয়া। দাদাৰাহঁতে সময়ত এদিন হ'লেও বুজিব। সেই বুলি তুমিও মাক কষ্ট দিবানে? মোৰ নিজৰ আই-বোপাই কেতিয়াবাই ঢুকাল!  তোমাৰ মা মোৰো নহয় জানো?"

দিজেনৰ দৰে হাজিৰা কৰা মানুহজনৰ  এনে মৰম-শ্ৰদ্ধা ভাবৰ  জ্ঞান-গৰ্ভৰ কথা শুনি  দীপিকাই লাজ পালে আৰু গিৰিয়েকলৈ শ্ৰদ্ধাত মূৰ দো খাই গ'ল!

     লিপি দুৱৰাই সকলো কথা প্ৰসঙ্গক্ৰমে দিজেন পেইণ্টাৰৰ মুখতে শুনিছিল।

দিজেন হৈছে  যোৰহাটৰ ল'ৰা  আৰু দীপিকা নলবাৰীৰ ছোৱালী। তাইৰ বাপেক  বাছি থাকোতেই কিবা সূত্ৰে দিজেনক  লগ পাই  দেউতাকে  তাৰ কথা বতৰা ভাল পাই জীয়েকক বিয়া দিছিল 

পিচদিনা  পুণৰ দিজেন দুৱৰাৰ  ঘৰৰ আধৰুৱা কামত  হাত দিলেহি। আহিয়ে ক'লে "বাইদেউ,বেয়া  নেপাব। মোৰ পৰিৱাৰক  ল'ৰাকণৰ সৈতে  মাকৰ ঘৰলৈ পঠিয়ালো।ল'ৰাৰো গৰমৰ বন্ধ  চলিছে। বোলো দুদিন থাকি আহক মোমায়েক- আইতাকৰ ঘৰত। সেয়েহে  পুৱাই গা ধুই  গোঁসাই পূঁজা কৰি  অলপ ৰান্ধি-বাঢ়ি টিফিন লৈ  আহোতে  অলপ দেৰিয়ে হ'ল। তাতে বতৰটো ও অলপ  বেয়া কৰিলে। অৱশ্যে  গৰমটো অলপ কমাইছে বাৰু! চিন্তা নকৰিব, মই ভগৱন্তৰ  কৃপাত গধূলি দেৰিলৈ  কৰিও মেকাপ কৰিম।

লিপিৰ ভাৱ হ'ল এই মানুহজনে জীৱনত বহু এড্‌জাষ্ট কৰি চলিবলৈ শিকিছে। নহ'লেনো যোৰহতীয়া ল'ৰাহৈ  নলবাৰীৰ ছোৱালীৰ লগত  আজিৰ যুগত ইমান সুন্দৰকৈ মিলি  সংসাৰ কৰিব পাৰেনে? তাতে অভাৱী কষ্ট কৰি খোৱা মানুহ।

বাৰান্দাৰ গ্ৰিলত আঁৰি থোৱা দিজেনৰ  পেণ্টৰ পকেটত মোৱাইলটো  বাজি উঠিল। কেইবাবাৰো  বজাৰ পিচতহে  সি মোৱাইটো  উঠাই উজ্বলি উঠা মুখেৰে  ক'লে " অ ' দেহা, ভালে আছনে তই? কেলেই ফোন কৰিলি বাৰু  অসময়ত? মই কামত আছো নহয়! তই পিচে গৰম খনত তলৌ তলৌকৈ গাওঁ ঘূৰি নুফুৰিবি দেই আৰু পানী বেচিকৈ খাবি দেই সোণটো। আইতাৰক  মাৰে ভালকৈ যতন লৈছেনে? হ'ব দে, ৰাখ বোপাই।" মোৱাইল পুণৰ পকেটত থৈ বাৰান্দাত বহি  পেপাৰ পঢ়ি থকা লিপিলৈ চাই ক'লে " ল'ৰা পোৱালী কণে মোৰ খবৰ ললে বাইদেউ, দুদিন পিচতে  আইতাকক লৈ আহিব হেনো। ইয়াতেই ডাক্তৰক দেখুৱাই  যত্ন লব লাগিব আৰু। পুতেকহঁত থাকিও খবৰ নোলোৱাই  মানহ গৰাকীৰ বিলাই নোহোৱা হৈছে দেহি!"

লিপি দুৱৰাই  অনুভৱ কৰিলে ----- হয়তো , ভগৱানে বিপদত কোনোবা নহয় কোনোবাৰ মাধ্যমেৰে ভক্তক  সহায়  কৰে নিশ্চয়। সেয়া পুত্ৰই হওঁক  বা জোঁৱায়েকেই হওঁক নাইবা আন বন্ধুৱেই হওঁক। মানুহৰ ভাল-বেয়া, ধনী- দুখীয়া,ডাঙৰ ব্যৱসায়ী বা দিন হাজিৰা কৰা মানুহেই হওঁক সেয়া একমাত্ৰ স্বভাৱ আৰু ব্যৱহাৰেহে  সততাৰ  নিৰ্ণয় কৰে!!


By Kalpana Sarmah

Recent Posts

See All
Imagining In A Nothingness

By Inayah Fathima Faeez I’m not allowed to go up to the attic anymore. It’s an ancient breath captured in the stagnant cold. I’m not allowed to disturb it. The staircase ripples beneath the moonlight.

 
 
 
Return Of The Nebula

By Riya Goswami Preface Once upon a time, there were three rebels who overthrew an evil queen. That is a story of the past ... The citizens of Nordostia needed strong leaders, so the girls bravely lef

 
 
 
Heroes Of The Nebula

By Riya Goswami Once upon a time, there were three rebels. But how did these girls become rebels? Our story starts in a small town north of Paris in the year 6048 CE. That town is quite insignificant

 
 
 

28 Comments

Rated 0 out of 5 stars.
No ratings yet

Add a rating
gu.barnalisarma
Dec 19, 2025
Rated 5 out of 5 stars.

Interesting

Like

Rated 5 out of 5 stars.

Spontaneous writing.

Like

Anan Devi Goswami
Anan Devi Goswami
Dec 10, 2025
Rated 5 out of 5 stars.

Xundor likhoni pehi....

Like

Prabalika Sarma
Prabalika Sarma
Dec 09, 2025
Rated 5 out of 5 stars.

Relating a situation from a day to day life and ending with a message that is the beauty of this short story.🙂

Like

Dipak Sarmah
Dipak Sarmah
Dec 07, 2025
Rated 5 out of 5 stars.

Very well written. Congratulations.

Like
bottom of page