কেতিয়াবা ভাবো (Sometimes I Ponder: a poem in Assamese)
- Hashtag Kalakar
- Jul 15, 2023
- 1 min read
Updated: Jul 28
By Smriti Dihingia
ভাবো কেতিয়াবা
তুমিচোন এনেকুৱা আগতে নাছিলা ?
নে মই কিবা ভুল ধাৰণা কৰি আছিলো ?
ভাবো কেতিয়াবা
এনেকুৱা দিন আহিব বুলি কিয়নো নাজানিলো ?
নে মই মনত বেলেগ সপোন ৰছি আছিলো ?
ভাবো কেতিয়াবা
হাঁহী ধেমালিবোৰ সদায় লগতে বাস কৰা কথা নাছিল জানো ?
নে মই ৰঙীন এখন পৃথিৱীত সাঁতুৰি আছিলো ?
ভাবো কেতিয়াবা
বিচৰা মুহূৰ্ত বিচৰা দিনবোৰ অজানিতে হেৰাই গ’ল কিয় ?
নে মই সেইবোৰ আকোৱালি ৰাখিব নোৱাৰিলো ?
ভাবো কেতিয়াবা
ফুলৰ পাপৰীবোৰ হঠাৎ মৰহি যায় জানো ?
নে মই ভালকৈ যত্ন লব নাজানিলো ?
ভাবো কেতিয়াবা মনে বিচৰা মানুহবোৰ আঁতৰিনো যায় কিয় ? নে মই মৰমেৰে তেওঁলোকক ধৰি ৰাখিব নাজানিলো ? ভাবো কেতিয়াবা বসন্তত কেতিয়াবা বাৰিষা তোলপাৰ হৈ নামে জানো ? নে মই ঋতুবোৰ ভালকৈ চিনিকে নাপালো ? ভাবো কেতিয়াবা জীৱনৰ কিতাপখন ইমান ৰহস্যজনক হ’ল কিয় ? নে মই মনদি ভালকৈ পঢ়িব নাজানিলো ? ভাবো কেতিয়াবা সিদ্ধান্তৰ ফলাফলবোৰ ইমান তিতা কেঁহা লাগে কিয় ? নে মই সোৱাদ কেনেকৈ লই গমেই নাপালো ? ভাবো কেতিয়াবা খলা বমা পথত গাড়ীচোন ঠিকেই চলাইছিলো ! নে মই ৰাস্তাত পাক লওঁতে ভুলকে ঘূৰিলো ? ভাবো কেতিয়াবা মইচোন এনেকুৱা কেতিয়াও নাছিলো ! নে মই নিজকে ক’ৰবাত হেৰুৱাই পেলালো ?
*****
By Smriti Dihingia

Comments